প্ৰিয়ংকা গান্ধী ক’ভিডত আক্ৰান্ত হৈছে। ইয়াৰ পূৰ্বে কালি কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীৰ ক’ৰোনা পজিটিভ হোৱা নিশ্চিত হৈছিল। উল্লেখযোগ্য যে কংগ্ৰেছ মহাসচিব প্ৰিয়ংকা গান্ধীও কালি লক্ষ্ণৌৰ পৰা দিল্লীলৈ উভতি আহিছিল।
প্ৰিয়ংকা গান্ধীয়ে টুইট কৰি কয়, “মই ক’ভিডত আক্ৰান্ত হৈছোঁ। মোৰ কিছু লক্ষণ দেখা দিছে। মই সকলো প্ৰট’কলৰ প্ৰতি লক্ষ্য ৰাখিছোঁ।”
